মুখ্য পৃষ্ঠা
06/04/2520:15
"মানৱতাৰ ভাষাৰে"
এন্ধাৰৰ সুযোগ লৈ
নিশাচৰ বোৰে শুঙি চাই
সভ্য সমাজৰ গোন্ধ |
গ্ৰীষ্মৰ উতপ্ত বতাহতো
কঁপি উঠে মানৱতাৰ কলিজা |
দানৱৰ বিষাক্ত নখৰ আঁচোৰত
ৰাতিয়ে চিকুটি
যায় আইনৰ দেৱাল |
শিয়ালৰ ৰাউচিত পোহৰ নহয়
পোহনীয়া কুকুৰে জীয়া মঙহৰ আশাত ,
টোপ টোপকৈ পেলাই জিভাৰ পানী
চিঙি যায় সম্বন্ধৰ শিকলী |
কৃষ্ণপক্ষৰ এন্ধাৰত জোনটোয়ে ভাগৰ
মাৰে
তৰাবোৰে মিছিকি হাঁহি মাৰি ,
তপত তেজৰ গোন্ধত মাতাল হৈ পৰে |
নিচাৰ ৰাগীত ঐনিতমৰ সুৰ তুলি ,
সভ্যতাক অপমান কৰে |
বুৰঞ্জীৰ চুকে কোনে বিয়পি থকা দানৱ
বোৰক
নিজৰ মাজতেই আৱিস্কাৰ কৰে |
উলংগ ৰাতিৰ তমসা ভাঙি
দূৰৈত বাজে বাৰুদৰ আৰ্তনাদৰ গান |
মানৱে উচুপে ,
ৰাংকুকুৰে মৃত দেহ টানি টানি
পদূলিত জীৰ্ণ শৰীৰৰ আঁচোৰ দিয়ে |
বিধস্ত মনৰ উপত্যকাত ,
বা মাৰলি বয় ধৰ্ষিতা নাৰীৰ দেহত |
বিজ্ঞাপন বোৰে নুবুজে ,
কিমান কেঁচা মাটিৰ মজিয়াত ,
জীয়া তেজৰ চেঁকুৰা লাগে |
চকুলোৰে দুগাল তিয়াই
বহুতেই শিৰৰ সেন্দুৰ মুচে |
© ৰাজু কলিতা
05/12/14